চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিৰ বাঁহবাৰী গাঁৱত ১৯১৭ চনৰ ১৭ মাৰ্চত জন্ম গ্ৰহণ কৰা মুক্তিযোদ্ধা হাতীমূৰীয়াই আজি সম্পূৰ্ণ কৰিলে এশ বছৰ৷ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত মুক্তিযুঁজাৰু আৰু বৃদ্ধ পেন্সনপ্ৰাপ্ত মতৰাম হাতীমূৰীয়াক এই উপলক্ষে সম্বৰ্ধনা জনায় স্থানীয় নাগৰিক সমাজ আৰু দল-সংগঠনে৷

একেধাৰে সমাজসেৱক ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ চেষ্টাতে স্থানীয় অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল৷ বৰ্তমানেও সামাজিক কামৰ লগত জড়িত হৈ সুস্থ-সবলভাৱে জীৱন নিৰ্বাহ কৰি তেখেতে স্থানীয় অঞ্চলত স্বাস্থ্যৰ লগতে সামাজিকভাৱে এজন আদৰ্শ ব্যক্তিৰূপে পৰিচিত৷