বোকাজানঃ এখন বিদ্যালয় হঠাৎ বন্ধ কৰ দিলে কেনেকুৱা পৰিৱেশ হ’ব পাৰে তাৰ কল্পনা কেৱল বিদ্যালয়ত পঢ়ি থকা সন্তানটোৰ পিতৃ-মাতৃয়েহে বুজি পাব৷ নিজ সন্তানে পঢ়ি থকা বিদ্যালয় খন হঠাৎ বন্ধ কৰি দিলে এটি পৰিয়ালৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেই কথা নিজৰ সন্তান পঢ়ি থকা পৰিয়ালটোৱে হে জানিব৷
আন কোনো লোকে লোকে সেই কথা উপলদ্ধি কৰিব নোৱাৰে৷ দেশৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক আমোলাই সেই কথা কেতিয়াও অনুভৱ কৰিব নোৱাৰে৷ কিয়নো দেশৰ বৰ বৰ মানুহৰ সন্তান নামি-দামি স্কুলত পঢ়ে৷ তেওলোকৰ সন্তানৰ ভৱিষ্যৎ সম্পূৰ্ণ সুৰক্ষিত৷ কোনো ধৰণৰ চিন্তা কৰিব লগা নাথাকে তেওলোকে সন্তানৰ বাবে৷