ডিজিটেল ডেস্কঃ অচল বুলি ঘোষণা কৰা পুৰণি পাঁচশ টকীয়া আৰু এহাজাৰ টকীয়া নোট জমা দিয়াৰ বাবে অধিক সময় দিয়াত সংকোচবোধ কৰিছে কেন্দ্ৰ চৰকাৰে। 

সোমবাৰে এই কথা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আগত কয় কেন্দ্ৰ চৰকাৰে। বিগত বৰ্ষৰ ৮ নৱেম্বৰত অচল নিষিদ্ধ ঘোষিত নোটবোৰ এতিয়াও জমা দিয়াৰ ব্যৱস্থা বাহাল ৰখাৰ নিৰ্দেশে দৰাচলতে ঐতিহাসিক পদক্ষেপটোৰ মূল উদ্দেশ্যত উপনীত হোৱাত বাধা দিছে- এই বুলি কয় মোদী চৰকাৰে। 

ক’লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োগ কৰা এখপ্ৰকাৰ অস্ত্ৰস্বৰূপ এই পদক্ষেপৰ মূল উদ্দেশ্যই বিঘ্নিত হ’ব পাৰে বুলি কেন্দ্ৰই মন্তব্য কৰে। 

উল্লেখ্য যে বিভিন্ন কাৰণত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তাৰিখৰ ভিতৰত পুৰণি নোট জমা দিবলৈ অক্ষম হোৱাসকলে ন্যায়ালয়ৰ ওচৰত দাখিল কৰা পিটিশ্যনৰ শুনানীৰ প্ৰসংগত কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়খনৰ আগত এনেদৰে কয়।  

বাতৰি আৰু ফটোৰ উত্সঃ হিন্দুস্থান টাইমচ