ডিজিটেল ডেস্কঃ ধৰ্মীয় অনুভূতিত আঘাত হানিবপৰা ধৰণৰ আপত্তিজনক পোষ্ট কৰি পশ্চিম বংগৰ নৰ্থ ২৪ পাৰাগণা জিলাৰ ১৭ বছৰীয়া কিশোৰ এজন আটক হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই পৰিস্থিতি। 

পোষ্টটোক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰই মঙলবাৰে কলকাতাৰ সমীপবৰ্তী এলেকাটোলৈ ৪০০ জন বিএছএফ জোৱান প্ৰেৰণ কৰিছে। 

বাদুৰিয়াৰ কিশোৰজনে শুকুৰবাৰে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হজৰত মহম্মদক লৈ আপত্তিজনক পোষ্ট কৰাৰ পিছতে জিলাখনৰ বিভিন্ন অঞ্চলত বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হয়। 

একাংশ ক্ষুব্ধ প্ৰতিবাদীয়ে পথ অৱৰোধ কৰি, গাড়ী জলাই দি আৰু অইন সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰে।

কলকাতাৰপৰা ৭০ কিলোমিটাৰ দুৰত্বৰ জিলাখনত কেতবোৰ ঠাইত প্ৰতিবাদকাৰীয়ে ৰেল পথো অৱৰোধ কৰাত পৰিস্থিতি বিষম হৈ পৰে। 

ব্লক লেভেল কৰ্মী মমতা বেনাৰ্জী!

ইফালে মঙলবাৰে ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীয়ে ঘটনা সন্দৰ্ভত মমতাৰ সৈতে কথা-বতৰাত তৃণমূল নেতৃগৰাকীক খণ্ড পৰ্যায়ৰ বিজেপি নেতাৰ দৰে আচৰণ কৰা বুলি মমতাই ক্ষোভ প্ৰকাশ কৰিছে। তেনে আচৰণত অপমানিত হৈ পদ এৰি দিয়াৰো গুণা-গঁথা কৰা বুলি মমতাই কয়। 

তেঁও যিদৰে মোৰ লগত কথা পাতিছে, মই বৰ অপমানিতবোধ কৰিছো। অৱশ্যে ৰাজ্যপালগৰাকীয়ে প্ৰেছ বিবৃতিযোগে সেই কথা ভিত্তিহীন বুলি মন্তব্য কৰিছে।