তিনিচুকীয়াঃ ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিশেষকৈ দীনদয়াল বিতৰ্কই ৰাজ্যৰ উজনি নামনি উত্তাল কৰি ৰখাৰ পাছতো ৰাইজৰ প্ৰবল প্ৰতিবাদক আওকাণ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তিনিখনকৈ জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰে৷ এই কাৰ্যক আলফা স্বাধীনে কঠোৰভাষাৰে সমালোচনা কৰে৷
সোমবাৰে অসমৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিতৃতি যোগে আলফাৰ প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় অসমে অসমৰ জাতীয় জীৱনৰ লগত সংগতি নথকা কেতবোৰ ব্যক্তিক ব্যক্তি বন্দনাৰে কেৱল দিল্লীৱালাক তোষামোদৰ ৰাজনীতি কৰা কাৰ্য কোনোপধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে৷ তদুপৰি পুৰ্বৰ কংগ্ৰেছ চৰকাৰেও একে পন্থাৰে ১৯৬২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আকাশবাণী যোগে বিদায় জনোৱাৰ পাছতো নেহৰু কিম্বা তেওঁৰ জী আৰু নাতিৰ নামত বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠান থকাটো অসমবাসীৰ বাবে অপমানজনক বুলি সংগঠনটোৱে পূৰ্বৰ চৰকাৰখনকো দোষাৰোপ কৰে৷