গৌৰীসাগৰঃ পুৰাতত্ত্ব বিভাগৰ দুৰ্নীতিৰ তদন্ত কৰিব চৰকাৰে৷ দল-সংগঠনে শিৱসাগৰ জিলাত পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি থকাৰ মাজতে তদন্তকাৰী এটি দল শিৱসাগৰত উপস্থিত হয়৷
৬০০ বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰে আৱন্টন দিয়া টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে চৰকাৰে তদন্ত কৰিব দুৰ্নীতি সন্দৰ্ভত৷ ঐতিহাসিক নগৰী শিৱসাগৰত আজি কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ চৰম অনিয়মৰ তদন্ত কাৰাৰ বাবে এটা দল উপস্থিত হয় শিৱসাগৰত৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চাৰিজনীয়া এটি দল আৰ চি চৌধুৰী নামৰ বিষয়াগৰাকীৰ নেতৃত্বত শিৱসাগৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷