newsnextone.com | ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব ২৭ জুলাইৰ আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠিব।

এই বিৰল পৰিঘটনা দেখিবলৈ পাব অসম, উত্তৰ-পূৰ্বাঞ্চলবাসী আৰু ভাৰতে। একবিংশ শতিকাৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ অহা ২৭ জুলাইৰ নিশা দেখিবলৈ পোৱা যাব৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাও এই চন্দ্ৰৰ পূৰ্ণগ্ৰাস পৰ্যবেক্ষণ কৰিব পৰা যাব৷ 

জানিব পৰা মতে, প্ৰায় দুঘন্টা ধৰি চলিব এই চন্দ্ৰগ্ৰহণ৷ ভাৰতীয় সময়ানুসৰি নিশা ১১.৫৪ মিনিটত গ্ৰহণ আৰম্ভ হ’ব৷ ইফালে, মাজ নিশা ১.৫২ বজাত পূৰ্ণ গ্ৰহণ হ’ব৷ এই গ্ৰহণ পুৱা ৪ বজালৈকে পৰ্যবেক্ষণ কৰিব পৰা যাব৷
 
ভাৰতৰ বাহিৰেও মধ্য প্ৰাচ্য, মধ্য এচিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ পৰা চন্দ্ৰৰ দীৰ্ঘতম পূৰ্ণ গ্ৰহণ পৰিস্কাৰ ভাৱে দেখিবলৈ পোৱা যাব৷