চাবুৱাঃ ৰাজ্যৰ চৌদিশে দীপাৱলীক আদৰাৰ প্ৰস্তুতি চলি থকাৰ সময়তে চাহ নগৰী চাবুৱাতো পোহৰৰ উৎসৱ দীপাৱলী পালনৰ ব্যাপক প্ৰস্তুতি চলিছে। সমানে সমানে ব্যস্ততা বঢ়িছে মৃৎ শিল্পীসকলৰো৷ দীপাৱলীৰ সময়তে মাটিৰ চাকি বিক্ৰী কৰি অলপ অৰ্থ উপাৰ্জনৰ বাবে এতিয়া সাজু তেওলোক৷
চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ।