Home ৰাজ্যচাবুৱাৰ ইটাভাটাৰ মালিক হৰিচৰণ ৰায়ক উপায়ুক্তৰ জাননী, সক্ৰিয় ৰাজহ চক্ৰ বিষয়া

চাবুৱাৰ ইটাভাটাৰ মালিক হৰিচৰণ ৰায়ক উপায়ুক্তৰ জাননী, সক্ৰিয় ৰাজহ চক্ৰ বিষয়া

by News Desk
71 views
A+A-
Reset

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চবুৱাত কেইবাটাও ইটাভাটাই কৃষি পথাৰ নষ্ট কৰাকে ধৰি ইটাভাটাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অৱশেষত মাথো এটা ইটাভাটাক এখন জাননী জাৰি কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে৷ চিআৰচি/২৩/২০১৩-২০১৪ নিৰ্দেশনা জাৰি কৰি এটা মাত্ৰ ইটাভাটাৰ তথ্য বিচাৰি বাকী ১৫টাতকৈ অধিক ইটাভাটাক জাননী কৰা নাই বুলি জানিব পৰা গৈছে৷

চাবুৱাৰ এইচিআৰ ইটাভাটাৰগৰাকী হৰিচৰণ ৰায়ক অতিৰিক্ত উপায়ুক্তই পত্ৰযোগে দিয়া নিৰ্দেশনা মতে ইটাভাটাৰ সকলো নথি-পত্ৰৰ সৈতে কাৰ্যালয়ৰ চেম্বাৰত কোনোধৰণৰ হীনদেৰি নকৰাকৈ উপস্থিত হ’বলৈ আদেশ দিয়ে। ডিব্ৰুগড় জিলা প্ৰশাসনে ২০১৭-১৮ বৰ্ষৰ এনওচি, মাটিৰ খনৰৰ বাবে ব্যৱহৃত মাটিৰ বিৱৰণি আৰু অনুমতি, ব্ৰিকচ ফিল্ডত কাম কৰি থকা কৰ্মী আৰু শ্ৰমিকৰ তালিকা আৰু বয়স বিচাৰে নিৰ্দেশ দিয়ে৷ আনহাতে ৰাজহ চক্ৰ বিষয়াক চাবুৱাৰ ৰাইজে ইটাভাটাৰ বিৰুদ্ধে পদক্ষেপ লোৱাত শলাগ লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0