54
চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মাঘ বিহুৰ দিনটোতে এগৰাকী সাংবাদিকক মাজ নিশা সেনাৰ পোছাকত অহা দল এটাই ঘৰৰ পৰা উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চোৰ, ডকাইত, সন্ত্ৰাসবাদীৰ দৰে এগৰাকী নিষ্ঠাৱান সাংবাদিকক সেনাৰ পোছাকত অহা এটা দলে মাজ নিশা উঠাই অনা ঘটনাক সহজে লব পৰা নাই ৰাইজে৷
