Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাবুৱাত ৯ সংগঠনৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাবুৱাত ৯ সংগঠনৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
bf34a498-ca0c-4231-9c18-7804122eebbe

চাবুৱা/ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত ৯ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যক চাবুৱাত ৯টাকৈ সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ভাৰত ছাত্ৰ ফেডাৰেচন, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন, ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেচন, মটক ছাত্ৰ সন্থা, সন্মিলিত অসমীয়া যুৱ শক্তি আৰু অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ ৰ চাবুৱা অাঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে সংগঠনকেইটাই৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় অাৰু ৰাজ্যৰ চৰকাৰে হিন্দু-বাংলাদেশী অসমত সংস্থাপিত কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক ধিক্কাৰ দি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈ থকা নাই এতিয়া অসমীয়া জাতি বন্ধকত ৰাখি খলনায়কলৈ পৰিণত হ’ল বুলি কটাক্ষ কৰে সংগঠনকেইটাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0