চাবুৱাঃ গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব যোৱা দুগৰাকী যুৱকক গোলাঘাট আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ চাবুৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক ৰাজ পথৰ পৰা আতৰাব খোজেতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি লগা পৰিলক্ষিত হয়৷