newsnextone.com | চাবুৱাঃ অনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ৷ শেহতীয়াকৈ ভাৰ চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ কোনো তথ্য জমা দিয়া নাই৷

কিছুদিন পূৰ্বে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি জনাজতি মন্ত্ৰালয়ে ভাৰবৰ্ষত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰবিলৈ প্ৰায় ৪০ বছৰৰ প্ৰয়োজন বুলি কয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় অসমৰ ৬ জনগোষ্ঠীক জনজাতিকণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’ব৷ দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে জনজাতিকৰণ হয় বুলি খোদ মন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ ৬ দনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে ইচ্ছা প্ৰকাশ নকৰাৰ কথাটোৱে ওলাই পৰে৷

কিয়নো বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি দিছিল ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ৷ যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷  

তাৰ মাজতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া  অব্যাহত থকাৰ সময়তে ৬ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে আলোচনাৰ বাবে শুকুৰবাৰে পুৱা ১০ বজাৰ নতুন দিল্লীত উপস্থিত হয়। দিল্লীৰ নৰ্থ ব্লকত আৰম্ভ হয় বিশেষ বৈঠক। গৃহ সচিব পৰ্যায়ত অনুষ্ঠিত আলোচনাত মিলিত আটাছু, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, চুতীয়া জাতি সন্মিলনী, কোচ ৰাজবংশী যুৱ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, আটছাৰ প্ৰায় চল্লিশ জনীয়া প্ৰতিনিধি দলটোৰ সৈতে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে অসম চৰকাৰৰ প্ৰতিনিধি অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য আৰু অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা উপস্থিত থাকে। 

বৈঠকত অংশ গ্ৰহণৰ পৰা বিৰত থাকে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। জনগোষ্ঠীয় সংগঠনকেইটাই এই আলোচনাক এক ফ্লপ শ্ব' আখ্যা দিয়ে। ঐক্য মঞ্চ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অভিযোগ উত্থাপন কৰি কয় যে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীয় সংগঠন কেইটাক পুনৰ ভুৱা আশ্বাস প্ৰদানৰ বাবে আয়োজন কৰা হৈছিল এই বৈঠক। এয়া এক ভেকোঁভাওনাৰ বাদে একো নহয়। আলোচনা লজ্জাজনক বুলিও মন্তব্য প্ৰকাশ কৰে ৬ জনগোষ্ঠীৰ নেতৃত্বই। লক্ষণীয়ভাৱে, বৰ্তমানলৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত কোনো মডেলিটি প্ৰস্তুত কৰা নাই কেন্দ্ৰীয় চৰকাৰে ।

ইফালে এই বৈঠকত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংগঠনকেইটাৰ প্ৰতিনিধিসকলৰ কোনো কথা নুশুনি কেৱল আশ্বাস প্ৰদান কৰি আঁতৰি যোৱাৰ অভিযোগ উত্থাপন কৰে ঐক্যমঞ্চই ।কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত বৈঠক বিফল হোৱাৰ পিছতেই এতিয়া ৰাজ্যখনৰ ৬ জনগোষ্ঠী পুনৰ ক্ষোভিত হৈ পৰিছে। শুকুৰবাৰে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে। সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিয়ে শুকুৰবাৰে চাবুৱা চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামৰ প্ৰতিমূতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে প্ৰায় এঘন্টা সময় ৰাজপথ কপাঁই তোলে। প্ৰতিবাদস্থলিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দেৱজিত ৰাজখোৱা, সাংগঠনিক সম্পাদক অমলেন্দু ফুকনে উপস্থিত থাকি কয় যে নিৰ্বাচনৰ আগতে বিজেপি চৰকাৰে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমান সময়ত প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে । চাবুৱা আঞ্চকিল সমিতিৰ সভাপতি মিদুৰঞ্জন চেতিয়া আৰু সম্পাদক কৃষ্ণ গোঁহায়ে চৰকাৰে জনজাতিকৰণৰ বিষয়টোত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতি আৰু আটছা চাবুৱা শাখা সমিতিয়ে অংশগ্ৰহণ কৰে।