newsnextone.com | চাবুৱাঃ অনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ৷ শেহতীয়াকৈ ভাৰ চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ কোনো তথ্য জমা দিয়া নাই৷
কিছুদিন পূৰ্বে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি জনাজতি মন্ত্ৰালয়ে ভাৰবৰ্ষত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰবিলৈ প্ৰায় ৪০ বছৰৰ প্ৰয়োজন বুলি কয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় অসমৰ ৬ জনগোষ্ঠীক জনজাতিকণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’ব৷ দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে জনজাতিকৰণ হয় বুলি খোদ মন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ ৬ দনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে ইচ্ছা প্ৰকাশ নকৰাৰ কথাটোৱে ওলাই পৰে৷