চাবুৱাঃ চাবুৱা কৰ্মচাৰী সন্থাই বৃহস্পতিবাৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে৷ ২২ মাহে বিনা দৰমহাই কাম কৰা চাবুৱা নগৰ সমিতিৰ কৰ্মচাৰীয়ে দৰমহা আদায় কৰাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰা কৰ্মবিৰতি কাৰ্যসূচীক সমৰ্থন জনাই সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।
পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ আদি দাবী পূৰণৰ দাবীত সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰাৰ ফলত ৰাজ পথত জাৱৰৰ দম পৰি ৰয়৷