চাবুৱাঃ ছাত্ৰ ৰাজনীতিয়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়, গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয় শেহতীয়াকৈ চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিয়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিবলৈ আহি লাঠিৰ কোব থাব লগা হয়৷ বৃহস্পতিবাৰে বি বৰুৱা মহাবিদ্যালয় আৰু চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষই পক্ষপাতিত্বমূলক ভাবে একাংশ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীয়ে। মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পুৰ্বে প্ৰৱেদ্বাৰত ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। অধ্যক্ষক মহাবিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰি অধ্যক্ষৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ-ছত্ৰীয়ে।