Home ৰাজ্য১৫০০ ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষকে কৰিছে পাঠদান

১৫০০ ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষকে কৰিছে পাঠদান

by News Desk
76 views
A+A-
Reset

চাবুৱাঃ একোগৰাকী শিক্ষকৰ জীৱন পৰিক্ৰমাই মানুহক অনুপ্ৰাণিত কৰে৷ এগৰাকী শিক্ষকৰ পৰা লাভ কৰা অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল হ’বলৈ বাধ্য কৰে৷ এগৰাকী লোকক জীৱনৰ আদি পাঠ শিক্ষকেই দিয়ে৷ বুৰঞ্জী আৰু মানৱ সভ্যতাৰ সাঁকো স্বৰূপ শিক্ষকসকল৷ শিক্ষকৰ আদৰ তাহানিও আছিল আজিও আছে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ আদৰৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ একো একোজন কেতিয়াবা নায়ক হৈ পৰে৷ মহান কৰ্মৰাজিৰ বাবে নায়ক হৈ পৰা এগৰাকী শিক্ষক হ’ল  উলেশ্বৰ ফুকন।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শিক্ষক উলেশ্বৰ ফুকনে অৱসৰ গ্ৰহণ কৰাৰ পিছতে আজিও নিতৌ বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি ৰাইজৰ বাবে নায়ক হৈ পৰে৷ চাবুৱা অঞ্চলৰ আগশাৰীৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰাৰ ঘটনাই অঞ্চলটোৰ শিক্ষক-অভিভাৱক তথা দল-সংগঠনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষকগৰাকীয়ে৷ উল্লেখ্য যে ১৯৭৬ চনতেই শিক্ষকতাৰ চাকৰি লাভ কৰি প্ৰথম অৱস্থাত গন্ধগুৰি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিল যদিও ১৯৮৬ চনৰ জুন মাহত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0