Home ৰাজ্যআমাৰ সমীপৰ গাঁৱৰ মানুহ মুখ্যমন্ত্ৰী, অসমীয়াই প্ৰতিবাদ কৰিব লগা হোৱাৰ বাবে দুখ পাইছোঁ

আমাৰ সমীপৰ গাঁৱৰ মানুহ মুখ্যমন্ত্ৰী, অসমীয়াই প্ৰতিবাদ কৰিব লগা হোৱাৰ বাবে দুখ পাইছোঁ

by News Desk
82 views
A+A-
Reset

newsnextone.com |  চাবুৱাঃ বুধবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেইবাখনো গাঁৱৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইগৰাকীমান যুৱকৰ নেতৃত্বত চাবুৱাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ সমীপৰে খাৰজান, মূদৈ আৰু ভঁৰলুৱা, জেৰাই গাঁও আদি গাঁৱৰ আবাল, বৃদ্ধ বনিতাই ঘৰৰ পৰা ওলাই আহি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে শ-শ লোকে৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবা খনো গাঁৱৰ লোকে বাংলাদেশী গ’বেক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, আমাৰ দাবী মানি লওক, জয় আই অসম আদি শ্ল’গানেৰে খাৰজান, মূদৈ আৰু ভঁৰলুৱা গাঁৱৰ ৰাজপথ কপাই তোলে। ভঁৰলুৱা গাঁৱৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলত চাবুৱাৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0