40
চামগুৰিঃ চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে নগাঁও প্ৰশাসনৰ সহযোগত ৰূপহীহাট, খাটোৱাল আৰু ভেলেউগুৰি পঞ্চায়তৰ উদ্যোগত চৰকাৰী আঁচনি অন্ন যোজনাৰ অধীনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে এটকীয়া চাউল প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰা হয়।
এই শুভাৰাম্ভ অনুষ্ঠানটিত নগাঁও প্ৰশাসনৰ বিষয়ববীয়াসহ পঞ্চায়ত কেইটাৰ একাধিক কৰ্মীৰ উপস্থিতত প্ৰায় চাৰি হাজাৰ হিতাধিকাৰিৰ মাজত বিতৰণ কৰা হয় এটকীয়া চাউল আহৰণৰ প্ৰ-পত্ৰ।