চামগুৰিঃ চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে নগাঁও প্ৰশাসনৰ সহযোগত ৰূপহীহাট, খাটোৱাল আৰু ভেলেউগুৰি পঞ্চায়তৰ উদ্যোগত চৰকাৰী আঁচনি অন্ন যোজনাৰ অধীনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে এটকীয়া চাউল প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰা হয়।

এই শুভাৰাম্ভ অনুষ্ঠানটিত নগাঁও প্ৰশাসনৰ বিষয়ববীয়াসহ পঞ্চায়ত কেইটাৰ একাধিক কৰ্মীৰ উপস্থিতত প্ৰায় চাৰি হাজাৰ হিতাধিকাৰিৰ মাজত বিতৰণ কৰা হয় এটকীয়া চাউল আহৰণৰ প্ৰ-পত্ৰ। 

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বিতৰণ হোৱা এই এটকীয়া চাউলৰ আঁচনিয়ে দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক যথেষ্ট উপকৃত কৰিব পাৰিব বুলি আশাবাদী পঞ্চায়ত কৰ্তৃপক্ষ। 

অৱশ্যে পৰৱৰ্তী সময়তহে ঠাৱৰ কৰিব পৰা যাব যে বি জে পি চৰকাৰৰ তৎপৰতাত দৰিদ্ৰ ৰাইজৰ মাজত বিতৰণ কৰা এই আঁচনিখন আগন্তুক লোকসভা নিৰ্বাচনৰ টোপ নে প্ৰকৃতাৰ্থতে দশৰ দৰিদ্ৰ লোকসকলক সকাহ প্ৰদানৰ বাবে চৰকাৰৰ সদ-ইচ্ছা!