52
চামগুৰিঃ সুউচ্চ পাহাৰৰ শিখৰৰপৰা নামি অহা নগাঁও চাপানালাৰ চঞ্চলা চম্পাৱতীয়ে যুগ-যুগ ধৰি আকৰ্ষিত কৰি আহিছে দেশী-বিদেশী পৰিব্ৰাজক তথা পৰ্যটকসকলক।
প্ৰকৃতিৰ ভূ-স্বৰ্গ স্বৰূপ চম্পাৱতীৰ কুণ্ডথলিত বিগত এমাহ ধৰি দিনে-প্ৰতিদিনে ভিৰ বাঢ়িছে দূৰ-দূৰণিৰ বনভোজৰ দলসমূহৰ। অতি বিপদসংকুলভাৱে শিল বগাই বাটকুৰি বাই একাংশই অপৰূপ জলপ্ৰপাতটি দৰ্শন কৰি অভিভূত হৈ পৰিছে জীয়াজুৰি পাহাৰৰ বুকুত।