চামগুৰিঃ নগাঁৱৰ কঠিয়াতলিৰপৰা শালনা পৰ্যন্ত বৃহত্তৰ সীমামূৰীয়া অঞ্চলটোত বিগত দুই বছৰৰো অধিক সময় অধ্যয়ণ কৰি থকা ভূ-তত্ত্ববিদসকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মূল্যৱান মণিক আৰু আকৰ।
শেষতিয়াকৈ বিগত ডেৰ মাহ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাঁও জিলাৰ চাপানালাৰ সমীপৱৰ্ত্তী জিয়াজুৰি পাহাৰৰ লগতে চামগুৰিৰ সমীপৱৰ্ত্তী বৰজুৰি পাহাৰৰ আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ।