52
চামগুৰিঃ নগাঁৱৰ আউনীআটিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। গৰু খুন্দিয়াই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত বাগৰিল পেট্ৰ’ল ভৰ্তি টেংকাৰ।
লামডিঙৰপৰা তেজপুৰ ৰঙাপাৰালৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন। অনাকাংক্ষিত বিপদত পৰাৰ স্থানীয় ৰাইজে শংকা কৰিছিল যদিও ঘটনাস্থলিত ততাতৈয়াকৈ উপস্থিত হয় অগ্নিনাৰ্বাপক বাহিনীৰ বাহন।