নগাঁও/চামগুৰিঃ বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক প্ৰদান কৰিব চম্পাৱতী বঁটা৷ এই বঁটাৰ বাবে বিশিষ্ট লেখিকাগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতেই নগাঁও জিলাত আনন্দৰ বন্যা বয়৷ লেখিকাগৰাকীৰ সাহিত্যৰ অমূল্য সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰিব চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। অহা ৫ ফেব্ৰুৱাৰীত লেখিকাগৰাকীক এই সন্মান প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, জলপ্ৰপাত আৰু চম্পাৱতী নামৰ উপন্যাস দুখনৰ জৰিয়তে চাপানালা অঞ্চলক উজলাই তুলিছিল মণিকুন্তলা ভট্টাচাৰ্যই৷ অসমৰ আগশাৰীৰ সাহিত্য আলোচনী গৰিয়সীত ‘জলপ্ৰপাত’ নামৰ উপন্যাসৰ জৰিয়তে চাপানালা অঞ্চলক ইতিহাস উজলাই তোলা লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চম্পাৱতী বঁটা প্ৰদান কৰাৰ কথা এক বিবৃতি যোগে বিদ্যালয়খনৰ অধ্যক্ষা পাৰুল গায়নে ঘোষণা কৰে। বঁটাত স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা সংগৃহীত এটকীয়া ধনৰাশি হ’ব বঁটাৰ মাননি আৰু সন্মান।