নতুন দিল্লীঃ লোকসভা নিৰ্বাচন শেষ হ’বলৈ আৰু মাত্ৰ এটা পৰ্যায় থকাৰ সময়ত বিজেপিক যিকোনো প্ৰকাৰে ৰোধিবৰ বাবে বিৰোধী দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷
এই উদ্দ্যশ্যৰে শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ অহা ২৩ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত সাম্ভাব্য সকলো পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মাজত আলোচনা হয় আৰু বিজেপিয়ে যাতে কোনো পধ্যে পৰৱৰ্তী চৰকাৰ গঠন কৰিব নোৱাৰে, সেই সন্দৰ্ভত আলোচনা কৰে৷