গুৱাহাটীঃ যোৰহাট চহৰৰ মাজমজিয়াত মুখাধাৰী একাংশ মটৰ চাইকেল আৰোহীয়ে এগৰাকী কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তেই সোমবাৰে বিষয়টো সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰা চৰম দায়িত্বহীন মন্তব্যই ৰাজ্যজুৰি তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
মন্ত্ৰী পাটোৱাৰীয়ে উক্ত যুৱতী গৰাকী এছ এফ আই সদস্য আৰু প্ৰগতিশীল যুৱ প্ৰজন্মৰ উদ্ভাণ্ডালি বেছি বুলি কৰা মন্তব্যৰ পিছতেই যেন জ্বলা জুইত কোনোবাই ঘিউহে ঢালিলে। ৰাজ্যজুৰি ধিক্কাৰিত হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।