09
May
2019

গুৱাহাটীঃ পুৱা প্ৰাত ভ্ৰমণলৈ গৈ মহানগৰীত মৃত্যুক আঁকোৱালি ললে এজনে। চন্দপুৰত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে ২ নং চন্দ্ৰপুৰৰ বিষ্ণু চৌধুৰী নামৰ ব্যক্তি গৰাকীৰ অন্যদিনাৰ দৰে বৃহস্পতিবাৰে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিছিল ঘৰৰ পৰা। তেনেতে চন্দপুৰ হাইস্কুল তিনিআলিত এখন তীব্ৰবেগী বলেৰ' পিকআপ ভানে মহতিয়াই নিয়াত মৃত্যু হয় লোকজনৰ।