নতুন দিল্লীঃ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক( ২০১৬)ৰ বিৰুদ্ধে সমগ্ৰ অসমত দল-সংগঠন আৰু জনগণৰ প্ৰতিবাদ, আন্দোলন অব্যাহত থকাৰ মাজতে দেশৰ ৰাজধানী নতুন দিল্লীত বুধবাৰে আৰু আজি নতুন দিল্লীত অধ্যয়নৰত অসমীয়া ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে।
দিল্লীত অধ্যয়নৰত ছাত্ৰ প্ৰতিনিধি ক্ৰমে বেদান্ত দিহিঙীয়া, ত্ৰিদেৱ গগৈ, অৰ্পিতা দত্ত, হৃদয় ৰঞ্জন বড়া, মৃদুপৱন বৈশ্যৰ নেতৃত্বত দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু জামাই মিল্লা মুছলিম বিশ্ববিদ্যালয়ৰ অসমীয়া শিক্ষাৰ্থীসকলে নতুন দিল্লীৰ যন্তৰ-মন্তৰত বুধৰাৰে পুৱাৰ ১০ বজাৰপৰা দিনৰ ১২ বজালৈ সবলভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। আজিও তেওঁলোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।