চাংসাৰিঃ কৰ’না ভাইৰাছৰ ফলত দেশৰ এই সংকটজনক পৰিস্থিতিৰ বাবে চৰকাৰে বান্ধি দিয়া ২১ দিনীয়া লকডাউনৰ আজি নৱম দিন৷ সমগ্ৰ দেশৰ লগতে অসমতো ‘ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ তবলীগ জামাতৰ পৰা অহা ১৬ জনকৈ লোকৰ দেহত কৰ’না পজিটিভ দৰা পৰাত বৃহত্তৰ চাংসাৰি তথা সমগ্ৰ উত্তৰ গুৱাহাটীবাসীয় ভয় আৰু সংশয়ত ভুগিছে।

প্ৰাপ্ত তথ্য মতে উত্তৰ গুৱাহাটী, মান্দাকাটা অঞ্চলৰ পৰা তিনিজন গৈছে যদিও বৰ্তমান লৈ উভতি আহিব পৰা নাই বুলি পৰিয়ালে আৰক্ষীক অৱগত কৰিছে৷ এই অঞ্চলৰ গাওঁবুঢ়াসকলৰ সৈতে যোগাযোগ কৰি লাভ কৰা খবৰ মতে সংশ্লিষ্ট গাওঁসমূহৰ পৰা কোনো লোক দিল্লীৰ অনুষ্ঠানলৈ যোৱা নাছিল৷

আনহাতে জলাহ বামুণীগাওঁৰ পৰা দুজনক আজি আৰক্ষী আৰু স্বাস্থ্যকৰ্মীয়ে নিৰীক্ষণৰ বাবে শিঙিমাৰিত ৰাখিছে। আৰক্ষীয়ে দিয়া তথ্য মতে যুৱক দুজন হৈছে ইমৰাণউদ্দিন আৰু তমিজ। বামুণীগাঁৱৰ আন এজন ব্যক্তি ফজিৰ ৰহমানে চিকিৎসাজনিত কাৰণত চেন্নাইলৈ গৈছিল যদিও তেওঁ ইতিমধ্যে ঘূৰি আহিছে৷ লোকজনৰ ঘৰত আজি আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰাইছে বুলি জানিব পৰা গৈছে। এনে ঘটনাই এতিয়া বৃহত্তৰ চাংসাৰি, উত্তৰ গুৱাহাটী আৰু আমিনগাও‍ঁ অঞ্চলৰ ৰাইজক শংকিত কৰি তুলিছে৷

ইফালে, বৰ্তমান পৰিস্থিতিৰ বাবে দুখীয়া পৰিয়ালক চৰকাৰী সাহায্য বিতৰণৰ ব্যৱস্থা কৰিছে যদিও এতিয়ালৈ বহু দৰিদ্ৰ পৰিয়াল সাহায্য লাভৰ পৰা বঞ্চিত হৈ আছে। উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনৰ অঞ্চলবোৰত খাদ্য সামগ্ৰী বিতৰণ আৰু হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰাত শাসকীয় দলৰ কৰ্মীক প্ৰাধান্য দিয়া হৈছে বুলি অভিযোগ কৰিছে একাংশই৷ অঞ্চলটোৰ বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক বিশেষ দৈনিক হাজিৰা কৰা আৰু ঠিকা ভিত্তিত কাম কৰা লোকসকলে সাহায্য লাভৰ পৰা বঞ্চিত হোৱাত তেওঁলোকৰ অৱস্তা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে৷

একেদৰে শৰাইঘাট আৰু ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ চাংসাৰি, জলাহ, বামুণীগাওঁ, অঞ্চলত এতিয়ালৈকে চৰকাৰী সাহায্যপ ব্যৱস্থা নকৰাত অত্যাৱশ্যকীয় দ্ৰব্যসমূহ অধিক মূল্যত ক্ৰয় কৰিব লগীয়া হোৱাত সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ পৰিছে। আনহাতে আজি পুৱা অত্যাৱশকীয় সেৱাৰ অধীনত অহা উত্তৰ গুৱাহাটী গেছ বটলিং প্লান্টৰ শ্ৰমিকসকলে সুৰক্ষা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দাবীত গেছ উৎপাদন বন্ধ কৰাতো শংকিত হৈ পৰে স্থানীয় ৰাইজ। 

পিছত বিয়লি কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ মধ্যস্থতাত শ্ৰমিকসকলৰ দাবী সমূহ মানি লোৱাত পুনৰ গেছ উৎপাদনৰ কাম আৰম্ভ হয়। গেছৰ নাটনিৰ সমস্যাৰ অন্ত পৰাত অঞ্চলবাসী ৰাইজে সামান্য স্বস্তিৰ নিশ্বাস পেলাইছে যদিও সামগ্ৰিকভাৱে কৰ’নাৰ আতংকৰ পৰা মুঠেই মুক্ত হ’ব পৰা নাই৷