newsnextone.com | চৰাইদেউঃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশৰ পৰা অহা হিন্দুক নাগৰিকত্ব দিয়াৰ পোষকতা কৰি মন্তব্য প্ৰকাশ কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত প্ৰকাশ কৰিছে একাংশ সংগঠনে। ৰাজ্যৰ সংগঠন সমূহে কোনো বাংলাদেশৰ হিন্দুক অসমত থিতাপি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

চৰাইদেউ জিলাৰ সোণাৰিৰ সোণাৰিৰ ভজো চাৰিআলিত বীৰ লাচিত সেনাই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ কৰি এই মন্তব্যক উভতি ধৰে।  বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিত মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি কোনো কাৰণত অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশৰ পৰা অহা হিন্দুক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছিল মন্ত্ৰীগৰাকীয়ে। এই মন্তব্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বীৰ লাচিত সেনাই। 

প্ৰতিবাদীকাৰীয়ে সোণাৰিৰ ভজো চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি কিৰেণ ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে কিৰণ ৰিজিজু মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।