চৰাইদেউঃ কেন্দ্ৰীয় চৰকাৰে কোনো এখন চবুৰীয়া ৰাজ্যৰ চৰকাৰ, দল-সংগঠনৰ মতামত নোলোৱাকৈ নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল নগা বিদ্ৰোহীৰ সৈতে এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ যাৰ ফলত ৰাজ্যৰ দল-সংগঠনে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰাৰ ফলত আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷
ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্টে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সম্প্ৰতি প্ৰচাৰ হোৱা মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷