newsnextone.com | চৰাইদেউঃ ধৰ্ষণৰ কাণ্ডই কঁপাই তুলি আছে সমগ্ৰ দেশ৷ দেশৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এটাৰ পিছত এটাকৈ সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই নাৰী জাতিটোক সংকিত কৰি তোলা পৰিলক্ষিত হৈছে৷ চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে যিমানেই কঠোৰ আইন বলবৎ নকৰক কিয়, কোনোপধ্যেই কম হোৱা নাই ধৰ্ষণৰ ঘটনা৷
এফালে নাৰীক পুৰুষৰ সমানে প্ৰধান্যতা দিয়া বুলি দাবী কৰি আহিলেও আনফালে নাৰী সুৰক্ষাৰ ক্ষেত্ৰতে মুখ থেকেচা খাইছে চৰকাৰ কিম্বা প্ৰশাসনে৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে৷ মানুহ যিমানেই শিক্ষিত হৈছে, সিমানেই ভিতৰি যেন জাগিব ধৰিছে অমানুষিক আচৰণ৷ চলে-বলে-কৌশলেৰে হ’লেও নিজৰ কামনা চৰিতাৰ্থ কৰাৰ ক্ষেত্ৰত পুৰুষ নামি পৰিছে হিংসাত্মক কাৰ্যকলাপত৷