newsnextone.com | ডিফুঃ ৮৪ দিনৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত কাৰ্বি আংলং আৰক্ষীয়ে আজি ডিফু ন্যায়িক আদালতত দাখিল কৰিলে ৰাজ্য কপোঁৱা অভিজিত-নিলোৎপলৰ ৮৪৪ পৃষ্ঠাজোৰা চাৰ্জশ্বীটৰ লগতে কেচ্ ডায়েৰী৷ আজি ডিফুস্থিত জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত কাৰ্বি আংলং জিলা আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু গোচৰৰ তদন্তকাৰীৰ বিষয়াই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ঘটনাস্থলীৰ পৰা জব্দকৰা হত্যাকাণ্ডত ব্যৱহৃত যন্ত্ৰপাতি সহ এটা বৃহত ট্ৰাংকত ৮৪৪ পৃষ্ঠাৰ অভিযোগ নামা দাখিল কৰে৷ 

অভিজিত-নীলোৎপলৰ হত্যাকাণ্ডত জড়িত থকা ৪৮ গৰাকী অভিযুক্তকেই আজি পুৱা ডিফু ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয়৷ ইয়াৰ পিছতেই কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ ডিভিডি শিৱ প্ৰসাদে আৰক্ষী অধীক্ষক গৰাকীৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি চাৰ্জশ্বীট সন্দৰ্ভত সবিস্তাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ 

আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিক সকলক সম্বোধন কৰি কয় যে, যোৱা ৮ জুনত ডকমকা আৰক্ষী থানা এলেকাধীন কাংথিলাংচ'ৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি গুৱাহাটীৰ দুই প্ৰতিভাৱান শিল্পী অভিজিত আৰু নিলোৎপলক সোপাধৰাৰ সন্দেহত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ বিসৰ্জণ দিয়া হত়্যাকাণ্ডৰ গোচৰক তেওঁ গুৰুত্ব সহকাৰে লৈছে আৰু প্ৰতিজন সাক্ষীবাদী, অভিযুক্ত আৰু বিভিন্ন বিষয় পুংখানুপুংখভাবে চাই অভিযোগনামা প্ৰস্তুত কৰা হৈছে৷ মাননীয় আদালতে গোচৰৰ গভীৰতা আৰু ধৰণ চাই ন্যায় প্ৰদান কৰিব৷ 

গোচৰৰ এজাহাৰকাৰীৰ এজাহাৰৰ ভিত্তিত ডকমকা আৰক্ষী থানাত, ৩৩/২০১৮ নম্বৰত এক গোচৰ ৰিজোৱা দি ভা দ বি আইনৰ ৩০২/, ৩৪১/৪২৭/১৪৩/১৪৪/১৪৭/১৪৮/১৪৯/১০৯/১৩৩ আৰু ১৮৬ ধাৰাৰ অধীনত ৭১ গৰাকীৰ সাক্ষীৰ সাক্ষী গ্ৰহণ কৰি আৰু বিভিন্ন বিষয়ক সাঙুৰি এই বৃহৎ অভিযোগ নামা দাখিল কৰা কৰিছে বুলি কয়৷ 

মুঠ ৪৮ গৰাকী অভিযুক্তৰ লগতে এজন নাবালক অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে৷ এই ক্ষেত্ৰত অসম চৰকাৰেও বিশেষ গুৰুত্ব আৰোপ কৰি গোচৰটিৰ বাবে এজন দক্ষ লোক অধিবক্তা নিয়োগ কৰাৰ লগতে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ বাবে শীঘ্ৰে এখন ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলিও জানিবলৈ দিছে৷ 

আনহাতে, কাৰ্বি আংলং আৰক্ষীৰ গোচৰ সন্দৰ্ভত চাৰ্জশ্বীট দাখিল কৰাৰ পিছত অভি-নীলৰ পৰিয়ালে ন্যায় পোৱাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি পাব বুলি সকলোৱে আগ্ৰহেৰে বাট চাই ৰৈছে৷