newsnextone.com। তেজপুৰঃ শোণিতপুৰ জিলাৰ বালিপৰা চাৰিদুৱাৰ অঞ্চলত দিনক দিনে চোৰৰ দৌৰাত্ম উদ্বেগজনক ভাৱে বৃদ্ধি পাই থকাৰ সময়তে বুধবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই ৩ টাকৈ গভাইট চোৰক আটক কৰাৰ লগতে চুৰি হোৱা ৩ টাকৈ চৰকাৰী জেনেৰেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বিগত বহু দিন ধৰি অঞ্চলটোত ক্ৰামান্বয়ে বৃদ্ধি পাই আহিছিল চোৰৰ উপদ্ৰৱ। উল্লেখ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ NRC সেৱা কেন্দ্ৰৰ পৰা ৪ দিন পূৰ্বে চুৰ হৈছিল ৪ টা জেনেৰেটৰ। এই সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা এক অভিযান চলাই ৩ টাকৈ জেনেৰেটৰ উদ্ধাৰ কৰাৰ লগতে ৩টা গভাইট চোৰক আটক কৰিবলৈ সক্ষম হয়।