49
ডিজিটেল ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধী সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে কৰা মন্তব্যত হতচকিত হৈ পৰিছে দেশবাসী। শুকুৰবাৰে ৰায়পুৰৰ এখন সভাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে গান্ধীজিক চতুৰ বণিয়া অখ্যা দিছিল।
ইয়াৰ লগে লগে উত্তপ্ত হৈ পৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখন। বিৰোধী কংগ্ৰেছে নেতাগৰাকীৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অমিত শ্বাহক ক্ষমা খুজিবলৈ দাবী জনায়।