63
নিউয়ৰ্কঃ ভাৰতীয় মূলৰ প্ৰসিদ্ধ ছেইফ ফ্লইড কাৰ্ডোজ আৰু নাই। বুধবাৰে নিশাৰ ভাগত কৰ’নাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কাৰ্ডোজে। যোৱা ৮ মাৰ্চত জাৰ্মানীৰ ফ্ৰাংকফুৰ্ট হৈ নিউয়ৰ্কলৈ উভতিছিল ছেইফগৰাকী।
ইয়াৰ পিছতে অসুস্থ হৈ পৰাত ১৮ মাৰ্চত কাৰ্ডোজৰ কৰ’নাৰ টেষ্ট কৰা হৈছিল আৰু উক্ত টেষ্টত তেওঁৰ দেহত পজিটিভ ধৰা পৰে। আমেৰিকাৰ নিউজাৰ্ছীত তেওঁৰ চিকিৎসা চলি আছিল।