অসমত বৰ্তমানলৈ কোনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই যদিও দেশত প্ৰতিনিয়ত বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা। সমগ্ৰ দেশত ২১ দিনীয়া লকডাউল ঘোষণা কৰাৰ পাছতে চৰকাৰে গ্ৰহণ কৰিছে অন্য এক উল্লেখযোগ্য পদক্ষেপ। এই পদক্ষেপ অনুযায়ী এতিয়াৰে পৰা ২২ টা প্ৰাইভেট লেবৰেটৰীয়েও কৰ’না টেষ্ট কৰিব পাৰিব।
এই ২২ লেবৰেটৰীৰ সমগ্ৰ দেশতে আছে ১৫,৫০০ নমুনা সংগ্ৰহ কেন্দ্ৰ। ইয়াৰ পূৰ্বে চৰকাৰে ১১৮ টা চৰকাৰী লেবৰেটৰীত কৰ’নাৰ টেষ্টৰ ব্যৱস্থা কৰিছিল। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰৰ তথ্য মতে যোৱা পাচঁটা দিনত ভাৰতত চৰকাৰী লেবৰেটৰীত ১৩৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে।