ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ শেহতীয়াকৈ ২০১৬ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ইতিমধ্যে অসমৰ বিজেপি চৰকাৰে পাৰ্লিয়ামেন্টত পাছ কৰাৰ বাবে যি প্ৰস্তুতি চলাইছে তাৰ প্ৰতিবাদে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত আজি ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা গান্ধী চকত অসমৰ জাতীয় নায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক গ’ বেক আদি শ্ল গানেৰে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
পাছত বিলাসীপাৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াই আহি প্ৰতিবাদকাৰী সকলৰ লগতে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেলোৱাৰ হুছেইনক বাধা প্ৰদান কৰি লাঠি চালনা কৰে। আৰক্ষীৰ এনে কাৰ্য্যক গৰিহণা দিয়াৰ লগতে আৰক্ষী প্ৰশাসনে অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ লগত অসৎ ব্যবহাৰ কৰিলে আৰক্ষীৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন গঢ়ি তুলিব বুলি ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে জানিবলৈ দিয়ে৷