53
চতিয়াঃ যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে গুণোৎসৱৰ আয়োজন কৰিছে তেনে সময়ত চতিয়াৰ উত্তৰ অঞ্চলৰ জনজাতি অধ্যুষিত চেঙামাৰী অঞ্চলৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙামাৰী হাইস্কুৰ দুৰৱস্থাই অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজক উদ্বিগ্ন কৰি তুলিছে।
১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা প্ৰাদেশীকৃত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই ডেক্স-বেঞ্চ। একোখন বেঞ্চত পান জপাদি বহুৱাই আহিছে ছাত্ৰ-ছাত্ৰীক।