চেন্নাইঃ মাহ-প্ৰসাদৰ দিন উকলিল। সেইবোৰৰ ঠাই লৈছে নতুন খাদ্য-সামগ্ৰীয়ে। বাৰ্গাৰ, ব্ৰাউনীৰে অৰ্ঘ্য আগবঢ়োৱা হৈছে চেন্নাইৰ মন্দিৰত৷ বাৰ্গাৰ, ব্ৰাউনিৰ বাহিৰেও চেৰী, চেণ্ডউইচো প্ৰসাদ হিচাবে দিয়ে জয় দুৰ্গা পীঠম মন্দিৰ কৰ্তৃপক্ষই৷

প্ৰসাদ বুলি ক’লেই চেন্নাইৰ মন্দিৰসমুহত পৰম্পৰাগত লাৰু, পেডহাচ ইত্যাদি মন্দিৰসমুহত যোগান ধৰা হয়৷ কিন্তু চেন্নাইৰ এই বিশেষ মন্দিৰটোত এক বিপৰীত দৃশ্যহে পৰিলক্ষিত হয়৷ মন্দিৰটোৰ এই ফাষ্টফুডসমুহ ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াৰদ্বাৰা প্ৰামাণিকৃত৷

এই পদ্ধতিৰ আঁৰত থকা ব্যাক্তিজন হৈছে কে শ্ৰীধৰ৷ এই পদ্ধতিয়ে স্থানীয় আৰু পৰ্যটকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে বুলি উল্লেখ কৰিছে শ্ৰী ধৰে৷  তদুপৰি প্ৰসাদ ল’বলৈ ট’কেনৰ ব্যৱস্থা কৰা হৈছে এই বিশেষ মন্দিৰটোত৷

মুলত ভক্তসকলৰ স্বাস্থ্যকৰ আৰু পৰিষ্কাৰ প্ৰসাদ যোগান ধৰাই একমাত্ৰ উদ্দেশ্য বুলি মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰে৷ তদুপৰি ভক্তসকলক জন্মদিনত মন্দিৰৰ ফালৰপৰা কেক উপহাৰ দিয়া হয়।