Home ৰাজ্যচকলাঘাটৰ অগ্ৰনী মহিলা সংগঠক আচাৰ্য্যা চেতনা হাজৰীকাৰ আকস্মিক বিয়োগ

চকলাঘাটৰ অগ্ৰনী মহিলা সংগঠক আচাৰ্য্যা চেতনা হাজৰীকাৰ আকস্মিক বিয়োগ

by News Desk
62 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ দৰঙ্গীয়াল গাঁও নিৱাসী বিশিষ্টা মহিলা নেত্ৰী তথা হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য্যা , কাৰ্যালয় প্ৰমুখ চেতনা হাজৰিকাৰ কালি নিশা আকস্মিক বিয়োগ ঘটে ৷ জানিব পৰা মতে কালি দিনৰ ভাগত তেওঁ সুস্থভাৱেই তেওঁৰ কৰ্মস্থলী স্থানীয় ব্ৰাহ্মনগাঁওস্থিত হাতীচোং শংকৰদেৱ বিদ্যানিকেতনত নিয়াৰীকৈ কতব্য  পালন কৰি আহি  সন্ধ্যাও ঘৰৰ সমীপৰে এঘৰত ছাত্ৰ -ছাত্ৰীৰ পঢ়াশুনাৰ খবৰ ল’বলৈ গৈছিল ৷ তাৰপাছতে ঘৰলৈ উভতি আহি তেঁও হঠাৎ শ্বাস প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাত নিজেই এগৰাকী চৰকাৰী ফাৰ্মাচিষ্টৰ লগত যোগাযোগ কৰি গেছ আৰু বমিৰ দুটাকৈ বেজী গ্ৰহন কৰে যদিও তাৰ পাছতে তেঁওৰ অৱস্থা গুৰুতৰ হৈ পৰে আৰু চিকিৎসালয়লৈ নিবলৈ যো-জা কৰাৰ সময়তে তেওঁ শেষ নিস্বাস ত্যাগ কৰে ৷ 

চকলাঘাটৰ পুৰোধা ব্যক্তি, শিক্ষাবিদ প্ৰয়াত চক্ৰধৰ হাজৰিকাৰ জীয়ৰী চেতনা হাজৰীকা আছিল বৃহত্তৰ অঞ্চলটোৰ এগৰাকী অক্লান্ত মহিলা নেত্ৰী আৰু সংগঠক৷ পাৰহৈ যোৱা ৰাস উৎসৱত অঞ্চলৰ মহিলা সকলে “ ৰিতু বাইদেউ ”ৰূপে পৰিচিত  এই গৰাকী মহিলাৰ নেতৃত্বতে আঞ্চলিক ৰাস উৎসৱত আটকধুনীয়াকৈ এখন  অংকীয়া ভাওঁনা মঞ্চস্থ কৰিছিল ৷ ইয়াৰ পূৰ্বেও তেওঁৰ নেতৃত্বতেই স্থানীয় মহিলা সকলে সাহিত্য সভা, ছাত্ৰ সন্থাৰ অধিধেশকে ধৰি বিভিন্ন অনুষ্ঠানত কোৰাছ , ৰাস , ভাওঁনা আদি পৰিবেশন কৰি অঞ্চলটোলৈ  সুনাম কঢ়িয়াই আনিছিল ৷   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0