কাজিৰঙাঃ ভাল আৰু বিশ্বাস যোগ্যতাৰে ‘ৰাজ্যৰ স্বাস্থ্য খণ্ডক আগুৱাই নিবলৈ চিকিৎসকৰ ভূমিকা’ শীৰ্ষক পঞ্চমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অসমত পোন প্ৰথমবাৰৰ বাবে কাজিৰঙাত ৩০ অক্টোবৰৰ পৰা ১ নবেম্বৰলৈকে অনুষ্ঠিত হ’ব ৷ কাজিৰঙাৰ বিলাসী বৰগছ ৰিজৰ্টত অহা ৩০ অক্টোবৰৰ পৰা ১ নবেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে।
উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নদ্দা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল আদিকে ধৰি আন কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী সকল। তদুপৰি দেশৰ আটাইকেইখন ৰাজ্যৰ স্বাস্থ্য সঞ্চালক, যুটীয়া স্বাস্থ্য সঞ্চালক, NRHM ৰ সঞ্চালক-উপ সঞ্চালক, উচ্চ পদস্থ স্বাস্থ্য বিষয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনত উপস্থিত থাকিব।