newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী বিধৱা মহিলা তথা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজেপি শাসিত উত্তৰাখাণ্ডত৷ মুখ্যমন্ত্ৰীয়ে শ-শ লোকৰ সন্মুখতে অসহায় শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ দেৰাদুনত ‘জনতা দৰবাৰ’ অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাতে৷ জনতা দৰবাৰত উপস্থিত হৈছিল এগৰাকী শিক্ষয়িত্ৰী৷ শিক্ষয়িত্ৰীগৰাকীয়ে জনতা দৰবাৰত উপস্থিত হৈ তেওঁক বদলি কৰাৰ বাবে আবেদন জনায়৷ এয়াই আছিল অসহায় মহিলাৰ অপৰাধ৷ লগে লগে শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ইমানে নহয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়৷  

উত্তৰা বহুগনা নামৰ শিক্ষয়িত্ৰীগৰাকী উত্তৰ কাশীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ শিক্ষয়িত্ৰীগৰাকীৰ বয়স প্ৰায় ৫৭ বছৰ৷ মাথো তিনিটা বছৰ চাকৰি আছে তেওঁৰ৷ চাকৰি কালৰ পৰাই তেওঁ ঘৰৰ পৰা বহু দুৰত থাকিব লগা হৈছে৷ যাৰ বাবে অন্য ঠাইলৈ বদলি কৰাৰ আবেদন জনাই স্বামীহীন মহিলাই৷ কিন্তু এই আবেদনেই হৈ পৰিল কাল৷ মুখ্যমন্ত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হয় আৰু গ্ৰেপ্তাৰ কৰা হয়৷ লগে লগে কৰা হয় চাকৰিৰ পৰা বৰ্খাস্ত৷ 

কিন্তু সংবাদ প্ৰতিষ্ঠান এনআইয়ে প্ৰকাশ কৰা ভিডিঅ’ত সকলো স্পষ্ট হৈ পৰে৷ কেনেদৰে মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপহ্যৱহাৰ কৰে৷ আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাতে কয় ‘‘আমাৰ ব্যৱস্থা অতি কঠিন হৈ গৈছে৷ যাৰ বাবে ব্যাথিত আমি৷ এগৰাকী বিধাৱা মহিলাই ইমান দুৰত চাকৰি কৰিছে কিন্তু প্ৰশাসনে সহায় কৰিব নোখোজে৷’’ কিন্তু শিক্ষয়িত্ৰীগৰাকীক কেইটামান ঘণ্টা আৱদ্ধ কৰি ৰাখি এৰি দিয়ে আৰক্ষীয়ে৷