newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী বিধৱা মহিলা তথা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজেপি শাসিত উত্তৰাখাণ্ডত৷ মুখ্যমন্ত্ৰীয়ে শ-শ লোকৰ সন্মুখতে অসহায় শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ দেৰাদুনত ‘জনতা দৰবাৰ’ অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাতে৷ জনতা দৰবাৰত উপস্থিত হৈছিল এগৰাকী শিক্ষয়িত্ৰী৷ শিক্ষয়িত্ৰীগৰাকীয়ে জনতা দৰবাৰত উপস্থিত হৈ তেওঁক বদলি কৰাৰ বাবে আবেদন জনায়৷ এয়াই আছিল অসহায় মহিলাৰ অপৰাধ৷ লগে লগে শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ইমানে নহয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়৷
#WATCH Uttarakhand Chief Minister Trivendra Singh Rawat directs police to take a teacher into custody after she protested at ‘Janata Darbar’ over issue of her transfer. CM Rawat suspended the teacher and asked her to leave. (28.06.18) pic.twitter.com/alAdCY74QK