গোৱালপাৰঃ কিশোৰীৰ জীৱনক লৈ একাংশ অভিভাৱকে আজিও হেতালি খেলি আহিছে৷ কিশোৰীৰ খেলা-ধুলা কৰাৰ বয়সত বিয়া দিবৰ বাবে উঠি পৰি লাগে একাংশ অভিভাৱক৷ ডাঙৰ হৈ অহাৰ লগে লগে তেওলোকৰ সপোন বোৰকলৈ হেতালি খেলা আৰম্ভ হয়।
কন্যা সন্তানটোক বোজা বুলি ভাবি বিয়া দিবলা উঠিপৰি লাগে৷ অপৈনত বয়সত নিজে জন্ম দিয়া সন্তানক বিয়া দি এটি এটি জীৱনক ধ্বংস কৰি স্বৰ্গীয় সুখ লাভ কৰে পিতৃ-মাতৃয়ে৷ আজিৰ প্ৰতিযোগিতাৰ যুগত এবাৰো অভিভাৱকৰ মনলৈ নাহে জীৱনৰ বাটত আগুৱাই নি সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ চিন্তা-ধাৰা৷