63
নগাঁওঃ নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্য়ালয়ৰ প্ৰেক্ষাগৃহত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত উন্মোচন কৰা হয় ২৪খনকৈ শিশু গ্ৰন্থৰ ৰচয়িতা, বিশ্বনাথ শাখা সাহিত্য সভাৰ সভানেত্ৰী, প্ৰচাৰ বিমুখ সাহিত্যিক কনকলতা নেওগৰ শিশু উপযোগী গ্ৰন্থ ‘মইনাহঁতৰ ড. আব্দুল কালাম’।
অগ্ৰণী প্ৰকাশন সংস্থা আলিবাট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সাহিত্যিক ড. খৰ্গেশ্বৰ ভূঁঞাই।