75
নগাঁওঃ এটি শিশুৰ অকাল মৃত্যুত নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবি পথাৰত শোকৰ ছাঁ পৰে৷ ৰাকিবুল ইছলামৰ একমাত্ৰ সন্তান ১৬ মহীয়া চাহিদুল ইছলামৰ ঘৰৰ সমীপৰ পুখুৰীত পৰি অকাল মৃত্যুক আকোৱালি লয়৷ পিতৃ কেৰেলাত এটি ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাপে কাম কৰে৷
এই ঘটনা সংঘটিত হোৱাৰ খবৰ দিয়াৰ পিছতে পেটৰ ভোক নিবাৰণ কৰিবৰ বাবে বিগত ৰাকিবুল ইছলাম কৰ্মসূত্ৰে কেৰেলাত আছিল যদিও নিজৰ এক মাত্ৰ পুত্ৰৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে।