বাহাকাবাৰীঃ কামপুৰৰ বগলাজানৰ উজনি খণ্ডত আজি পুৱাই সংঘটিত হ’ল এক কৰুণ ঘটনা৷ পুখুৰীত শিশুৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে, সোমবাৰে বিয়লিৰ ভাগত মুন হীৰা নামৰ শিশুটি নিখোজ হৈছিল৷
শিশুটি নিখোজ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও শিশুটিৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ আজি পুৱা স্থানীয় লোকে শিশুটিৰ মৃতদেহটো ঘৰৰ কাষৰ পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে পৰিয়াল আৰু সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷