54
লংকাঃ চোতালত খেলি থকা অৱস্থাত প্ৰাণ গ’ল এটি কণমানি শিশুৰ৷ লংকা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ডাৱলংত ঘটিল এই শোকাৱহ দুৰ্ঘটনা৷
চোতালত খেলি থকা অৱস্থাতেই ঘৰৰ কাষত থকা পুখুৰীত পৰি সলিল সমাধি হয় আব্দুল মতলিভৰ ডেৰ বছৰীয়া পুত্ৰ চৈফউদ্দিনৰ৷ পিছত আত্মীয়ই শিশুটিৰ মৃতদেহ পুখুৰীত প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে৷