বেতবাৰীঃ শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু শিৱসাগৰৰ তিনিটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’, ‘ৰংমন’ আৰু ‘যুগান্তৰ’ৰ সহযোগত ৩০ আৰু ৩১ জুলাইত শিৱসাগৰ নাট্য মন্দিৰত ষষ্ঠ বাৰ্ষিক শিশু নাট সমাৰোহ অনুষ্ঠিত হ’ব।
৩০ জুলাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৪ খন আৰু ৩১ জুলাইত ১২ খন শিশু নাট সহ সৰ্বমুঠ ২৬ খন শিশু নাট সমাৰোহত অংশ লব। কুৰিখন নাটকত নৱম শ্ৰেণীৰ পৰ্য্যন্ত ছাত্ৰই অংশগ্ৰহণ কৰিব। ১৫০ কিলোমিটাৰ দূৰৈৰ পৰা আহি সমাৰোহত অংশগ্ৰহণ কৰা নাট্য দলসমূহৰ বাবে থকাৰ ব্যৱস্থা কৰা বুলি আয়োজকসকলে জানিবলৈ দিছে।