মোৰাঝাৰঃ হোজাই থানাৰ অন্তৰ্গত ইছলামনগৰ টেংৰিপাৰ গাঁৱত কালি সন্ধিয়া সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা। ঘটনাৰ বিৱৰণী অনুসৰি উক্ত গাওঁখনৰ নিৰ্জন পথাৰত এটি শিশুৰ মৃতদেহ পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছত হুৱা-দূৱাৰ সৃষ্টি হয়।
পিছলৈ পৰি থকা শিশুৰ মৃতদেহটি গাওঁ খনৰে আব্দুল মতিনৰ সাত বছৰীয়া পুত্ৰ জাবেদ আলীৰ বুলি চিনাক্ত কৰে একাংশই। লগে লগে প্ৰত্যক্ষদৰ্শীসকলে ঘটনা সন্দৰ্ভত পৰিয়ালক খবৰ দিয়াৰ লগতে নীলবাগান উপ আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে। সেইমতে ততাতৈয়াকৈ ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষীৰ বৃহৎ এটা দল উপস্থিতি হৈ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এক হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি হয়।